অপৰাধ, অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত অসম ! শাসকীয় বিধায়কৰ প্ৰশ্নত  বিধানসভাত উন্মোচিত ভয়ংকৰ তথ্য...
অপৰাধ, অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত অসম ! শাসকীয় বিধায়কৰ প্ৰশ্নত বিধানসভাত উন্মোচিত ভয়ংকৰ তথ্য...  
অসম

অপৰাধ, অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত অসম ! শাসকীয় বিধায়কৰ প্ৰশ্নত বিধানসভাত উন্মোচিত ভয়ংকৰ তথ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত ব্যাপক হাৰত অৱনমিত হৈছে আইন, শৃংখলাৰ ব্যৱস্থা। যাৰ পৰিণতিত দৈনিক বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ সংখ্যা। অসম বিধানসভাত এই সন্দৰ্ভত উন্মোচন হৈছে ভয়াৱহ তথ্য।

বিধানসভাত উন্মোচিত হোৱা তথ্যত প্ৰকাশ পোৱা অনুসৰি নাৰী জনিত অপৰাধে অসমক দেশৰ ভিতৰতেই শীৰ্ষত অৱস্থান কৰোৱাইছে। ২০১৬ ৰ পৰা ২০২৩ ৰ ফেব্ৰুৱাৰীৰ ২৮ তাৰিখলৈ অসমত সংঘটিক হৈছে মুঠ ১ লাখ ৭০ হাজাৰ ১৭৪ টা নাৰীজনিত অপৰাধৰ ঘটনা।

২০১৬ চনৰ পৰা ২০২৩ ৰ ২৮ ফেব্ৰুৱাৰীলৈ অসমত সংঘটিত হোৱা নাৰী জনিত অপৰাধৰ ঘটনাৰ ভিতৰত কেৱল গুৱাহাটীতেই সংঘটিত হৈছে ৮ হাজাৰ ৭০০ টা অপৰাধ। এই সময়ছোৱাত ৰাজ্যত ধৰ্ষণৰ দৰে জঘণ্য ঘটনা সংঘটিত হৈছে মুঠ ১২ হাজাৰ ৭২৬ টা।

গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সংঘটিত হোৱা এনে জঘণ্য অপৰাধৰ সংখ্যা হৈছে ৪৫২ টা। ইয়াৰোপৰি নাৰী জনিত অপৰাধৰ ঘটনা সমগ্ৰ অসমত সংঘটিত হৈছে ৩৯ হাজাৰ ৭৫ টা। গুৱাহাটীত এই সংখ্যা হৈছে ৩ হাজাৰ ১৫১ টা।

হত্য়াৰ দৰে অপৰাধৰ ঘটনা সংঘটিত হৈছে ৮ হাজাৰ ৩৫৪ টা। গুৱাহাটীত এই সংখ্যা ৫১৯ টা। ডকাইতিৰ দৰে ঘটনা ৰাজ্যজুৰি সংঘটিত হৈছে ১ হাজাৰ ১৫৮ টা। এই ভয়ংকৰ তথ্য উন্মোচিত হৈছে শাসকীয় পক্ষৰ বিধায়কৰ প্ৰশ্নৰ উত্তৰত।

বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰা লিখিতি এক প্ৰশ্নৰ উত্তৰত এই ভয়াৱহ তথ্য উন্মোচিত হৈছ। এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, অপৰাধজনিত ঘটনা বৃদ্ধি পালেও ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা ল'ব লাগিব।

তেওঁ কয়, চৰকাৰ আৰু পুলিচ প্ৰশাসন আৰু অধিক সক্ৰিয় হ'ব লাগিব। তেনেধৰণৰ কিছু প্ৰতিৰোধৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব। প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তেনেহ'লে এনেধৰণৰ অপৰাধজনিত ঘটনা আৰু বৃদ্ধি পাব।