অসম

‘অগ্নিপথ’ নহয় স্থায়ী নিযুক্তি দিয়ক : ঢকুৱাখনাত চি পি আই (এম)ৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত  নিযুক্তিৰ নামত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অবিবেচকী আৰু হঠকাৰী  সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ( মাৰ্ক্সবাদী ) ঢকুৱাখনা  লোকেল সমিতি।  ভাৰতৰ অখণ্ডতা আৰু ভৌগলিক অস্তিত্ব সুৰক্ষাকাৰী  ভাৰতীয় সেনাৰ মান মৰ্যদাক পদপিষ্ট কৰি সৰ্ব শক্তিধৰ প্ৰতিৰক্ষা বিভাগটোক লৈ বিজেপি চৰকাৰে গ্ৰহণ কৰা হঠকাৰী ,বিতৰ্কিত সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীত বৃহস্পতিবাৰে ঢকুৱাখনা নগৰত সাব্যস্ত হয় ৰাজহুৱা প্ৰতিবাদ। 

চি পি আই (এম)ৰ ঢকুৱাখনা লোকেল সমিতিৰ উদ্যোগত নগৰৰ গান্ধী মৈদান প্ৰাংগণত বৃহস্পতিবাৰে দুপৰীয়া দলৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ উপস্থিতিত ৩ ঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। চি পি আই (এম)ৰ ৰাজ্যিক সদস্য গোপাল গগৈ , লখিমপুৰ জিলা  সমিতিৰ সদস্য লক্ষীধৰ সেনচোৱা ,পূৰ্ণানন্দ ফুকন , টংকেশ্বৰ গগৈ ,ঢকুৱাখনা লোকেল সমিতিৰ সম্পাদক গহীন চুতীয়া , মাছখোৱা লোকেল সমিতিৰ সম্পাদক ভবেন বৰুৱা  আৰু গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকর্তা উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় সেনাৰ মনোবল আৰু মৰ্য্যদা অটুট ৰখাৰ স্বাৰ্থত এই বিতৰ্কিত পন্থাৰে নিযুক্তিৰ সিদ্ধান্ত তৎকালে বাতিল কৰাৰ দাবী জনোৱা হয় ।

অগ্নিপথ নিযুক্তিৰ পৰিবৰ্তে ভাৰতীয় সেনাত স্থায়ী নিযুক্তিৰ ক্ষীপ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদকাৰী সকলে অগ্নিপথ আঁচনি বাতিল কৰক , ভাৰতীয় সেনাৰ মান মৰ্যদা সুৰক্ষিত কৰক ,  ভাৰতীয় সেনাত স্থায়ী নিযুক্তিৰ ব্যৱস্থা তৎকালে আৰম্ভ কাৰক,  চি পি আই (এম) জিন্দাবাদ , ভাৰতীয় সেনাকলৈ ৰাজনীতি নকৰিব আদি শ্লোগান দি দুপৰীয়া ১২ বজাৰ পৰা বিয়লি  ৩ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখি দলীয় বিষয়ববীয়া সকলে  এই হঠকাৰী সিদ্ধান্ত বাতিলৰ বাবে প্ৰধান মন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰে।