cow-seized-bokakhat-dead-47
cow-seized-bokakhat-dead-47 
অসম

বোকাখাত গৰুৰ অবৈধ বেহা : জব্দকৃত গাড়ীতেই মৃত্যু ৪৭ টাকৈ গৰুৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাখাত: সোমবাৰে বোকাখাতৰ পৰা পোহৰলৈ আহে এক ভংয়কৰ ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি আৰক্ষীয়ে AS 02 E5998 নম্বৰৰ এখন ট্ৰাকত জব্দ কৰিছিল কেইবাটাও গৰু। কিন্তু বোকাখাতৰ ৰজাবাৰীৰ পৰা ছামগুৰিলৈ সৰবৰাহ কৰিব খোজা ৪৭ টা গৰু বোকাখাত আৰক্ষীৰ জিম্মাতেই কৰুণ ভাৱে মৃত্যু হয়।

বোকাখাত আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক মুচাৰফ হুচেইনে সংবাদিকৰ আগত জানিবলৈ দিয়া মতে বোকাখাত ৰজাবাৰীৰ বহু বিতৰ্কিত ব্যৱসায়ী পৰমানন্দ দাসৰ চৌহদৰ পৰা ছামগুৰিলৈ সৰবৰাহ কৰিবৰ বাবে অনা হৈছিল উক্ত গৰুসমুহ।

ইফালে আৰক্ষীৰ জিম্মাতেই ৪৭ টাকে গৰুৰ কৰুণ মৃত্যু হোৱাৰ লগে লগেই বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে শীঘ্ৰে এই অবৈধ গো ব্যৱসায় বন্ধ কৰাৰ দাবী তুলিছে স্থানীয় সচেতন মহলে।

উল্লেখযোগ্য যে বোকাখাতৰ ৰজাবাৰী, কুৰুৱাবাহীৰ নিকৰিঘাট, চিনাকান আদি অঞ্চলৰ পৰা এনেদৰে গৰুৰ অবৈধ সৰবৰাহ হৈ থকাৰ অভিযোগ দীৰ্ঘদিনৰ উত্থাপিত হৈ আহিছে। কিন্তু অবৈধ গৰুৰ এই বৃহৎ ব্যৱসায়ৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি মন্তব্য কৰিছে সচেতন মহলে।