অসম

কোভিড ভেকচিন লোৱাৰ বাবে মৃত্যু হোৱা নাই অংগনৱাড়ী সহায়িকাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ কোভিড ভেকচিন লোৱাৰ ১৩ দিনৰ পিছত মৃত্যু হোৱা লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সমীপৱৰ্তী চেঁচা ৰাজগড়ৰৰ নিবাসী তথা অংগনৱাড়ী সহায়িকা দিপা দেবী প্ৰকৃততে কোভিড ভেকচিনৰ বাবে মৃত্যু হোৱা নাই –এই কথা অৱগত কৰিছে লখিমপুৰ জিলা স্বাস্থ্য বিভাগে ৷

মঙ্গলবাৰে লখিমপুৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ত সংবাদ মাধ্যমক চিকিৎসা বিষয়াই সদৰি কৰে যে–দিপা দেবীৰ ছেপ্টিক চক উইথ মাল্টি অৰ্গেন বিকল হোৱাৰ বাবেহে মৃত্যু হৈছে ৷কিয়নো কোভিড ভেকচিন লোৱাৰ ১৩ দিনৰ পিছতহে দিপা দেবীৰ মৃত্যু হয় ৷

উল্লেখ্য, কোভিড ভেকচিন লোৱাৰ পিছত মহিলাগৰাকী অসুস্থ হৈ পৰবৰ্তীসময়ত মৃত্যু হোৱাত পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছিল ৷