অসম

ঢকুৱাখনাত ভোট গণনাত জড়িত নিৰ্বাচনী কৰ্মীৰ কোভিড পৰীক্ষা…

asomiyapratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ১১২ নং ঢকুৱাখনা বিধানসভা ( অ:জ:জা ) সমষ্টিৰ ভোট গণনা কাৰ্যত জড়িত বিষয়া কৰ্মচাৰী সকলৰ বৃহস্পতি বাৰে কোভিড পৰীক্ষা সম্পন্ন কৰা হয়। ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়া তথা মহকুমাধিপতি গুৰনেইল সিঙৰ নিৰ্দেশনা ভিত্তিত বৃহস্পতি বাৰে মহকুমাধিপতিৰ কাৰ্য্যালয় চৌহদত এই পৰীক্ষা কৰা হয়।

ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ফাৰ্মাচিষ্ট মিহিৰ পেগুৰ নেতৃত্বত আৰু লেবৰেটৰী টেকনিছিয়ান ক্ৰমে দীপক চুতীয়া ,পুষ্পাঞ্জলি দাস ,দেৱযানি সোণোৱাল,মানৱ জ্যোতি বৰা ,তৰুণ গগৈৰ আদিৰ সহযোগত অনুষ্ঠিত হোৱা কোভিড ১৯ ৰ ৰেপিড এন্টিজেন টেষ্ট আৰু আৰ চি পি টি আৰ পদ্ধতিৰে নমুনা সংগ্ৰহ শিবিৰত ২ মে'ৰ ভোট গণনাৰ কৰ্তব্যত জড়িত থাকিব লগা মুঠ ২০০গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হয়।

বিধানসভা সমষ্টিটোৰ সকলো দলীয় প্ৰাৰ্থী , ইলেক্সন এজেন্ট ,কাউণ্টিং এজেন্ট আৰু সংবাদসেৱী সকলৰ কোভিড পৰীক্ষাৰ নিগেটিভ ফলাফল বাধ্যতামূলক কৰি জিলা নিৰ্বাচনী বিষয়া সিঙে জাৰি কৰা নিৰ্দেশনা ভিত্তিত অনুষ্ঠিত কৰা বৃহস্পতি বাৰৰ কোভিড পৰীক্ষা কালত কোনো এগৰাকী ব্যক্তিৰ দেহত এই ৰোগৰ সংক্ৰমণ পোৱা নগ'ল বুলি স্বাস্থ্য বিভাগে জনাইছে।