অসম

কোৰোনাত আক্ৰান্ত অখিল গগৈ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাত আক্ৰান্ত হৈছে বিধায়ক অখিল গগৈ। পত্নী আৰু পুত্ৰৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে এইবাৰ অখিল গগৈৰ দেহত ধৰা পৰে কোৰোনা। ছ'চিয়েল মিডিয়াত এটা পোষ্ট দি অখিল গগৈয়ে এই বিষয়ে জনায়।

তেওঁ ফেচবুকত লিখিছে- 'সমূহ অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে মোৰ পুত্ৰ আৰু পত্নীৰ কোভিড পজিটিভ হোৱাৰ পাছত মোৰো পজিটিভ ওলায়। সেয়ে মই হোম কোৱাৰেন্টাইন হৈ আছো। গতিকে সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত সাংগঠনিক তথা সকলো ৰাজহুৱা সভা সমিতিৰ পৰা বিৰত থাকিম। আশা কৰো এই কেইদিন মোৰ সান্নিধ্যত যি সকল ব্যক্তি আছিল তেখেতসকলে সজাগতাৰ স্বাৰ্থত কোভিড পৰীক্ষা কৰিব।'