অসম

পজিটিভৰ পৰা নিগেটিভ উদ্ধৱ ঠাকৰে…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজনৈতিক অস্থিৰতাৰ মাজতে খবৰ আহিছিল কোভিড পজিটিভ হৈছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। ঠাকৰেৰ আৰ চি পি চি আৰ টেষ্ট কৰাত তেওঁ পুনৰ কোভিড নিগেটিভ হয়। উল্লেখ্য যে ৰেডিপ এণ্টিজেন টেষ্টট পজিটিভ পোৱা গৈছিল উদ্ধৱ ঠাকৰেক।

কোভিড নিগেটিভ হোৱাৰ পিছত ঠাকৰেৰ সৈতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথ আৰু এন চি পিৰ মূৰব্বী শাৰদ পাৱাৰৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। কংগ্ৰেছৰ নেতা নীতিন ৰাৱাতে সদৰী কৰা মতে ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘনে ঘনে বৈঠক অনুষ্ঠিত হৈছে যদিও সেই বৈঠকত কোনো ইতিবাচক উত্তৰ উলোৱা নাই।

আনহাতে শিৱসেনাৰ এজন বিধায়কৰ পত্ৰই মহাৰাষ্ট্ৰৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে। বৰ্তমান গুৱাহাটীত বাহৰ পাতি থকা প্ৰতাপ ছাৰনায়ক নামৰ বিধায়কজনে ২০২১ৰ জুনতেই মুখ্যমন্ত্ৰীলৈ এই পত্ৰ লিখিছিল। এই পত্ৰত তেওঁ উল্লেখ কৰিছিল যে বিজেপিক বিৰোধিতা কৰিলে তেওঁৰ বিৰুদ্ধে ইডিয়ে ব্যৱস্থা গ্ৰহণ কৰিব।