অসম

ৰাজ্যত আকৌ কোৰোনাত ২৭৩৯ জন লোক আক্ৰান্ত…

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাজ্যত বৃহস্পতিবাৰে ২৭৩৯ জন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰে । বিগত ২৪ ঘন্টাত ৩৫৩৬৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় । কামৰূপ মহানগৰ জিলাত ৬৪৬ জন, লখিমপুৰত ২৫৯, ডিব্ৰুগড়ত ১৯৯ জন যোৰহাটতত ১৭৭ জন আক্ৰান্ত হৈছে ।

বৰ্তমানলৈ ৰাজ্যত ১৩৫৮০৫ জন লোক আক্ৰান্ত হোৱাৰ লগতে ১০৩৫০৪ জন আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে । ৰাজ্যত বৰ্তমানলৈ ৩১৮৮৪ জন লোক চিকিৎসাধীন হৈ থকাৰ লগতে ৪১৪ জন লোক মৃত্যুমুখত পৰে ।