অসম

১০ দিনত ১ কোটি লোকৰ কোৰোনা পৰীক্ষা, দেশত সংক্ৰমনৰ হাৰ ৩৩ শতাংশ হ্ৰাস…

asomiyapratidin

ডিজিটেল ডেস্ক : মঙলবাৰে ভাৰতত কৰোনা ভাইৰাছৰ উপস্থিতি সম্পৰ্কে কৰা পৰীক্ষাৰ ক্ষেত্ৰত ৮ কোটি অতিক্ৰম কৰে । যোৱা দহ দিনত, দেশত এক কোটি লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। ছেপ্টেম্বৰ মাহৰ মাজভাগত সৰ্বোচ্চ স্তৰৰ পৰা ৩৩% হ্ৰাস হোৱা দেখা গৈছে নতুন সংক্ৰমণ হোৱা লোকৰ হাৰ। উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ৬১,২৬৭ জন লোক সংক্ৰমিত হৈছে এই ভাইৰাছত ।

কোৰোনা ভাইৰাছৰ পৰীক্ষাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাজ্য আৰু চীনৰ পিছত ভাৰত বিশ্বৰ তৃতীয় স্থানত পাইছে ।দেশত এতিয়ালৈ ৮,১০,৭১,৭৯৭ টা পৰীক্ষা কৰা হৈছে। অৱশ্যে, দেশৰ ১৩০ কোটি জনসংখ্যাৰ প্ৰতি ১০ লাখত কোভিড পৰীক্ষাৰ অনুপাত অতি কম। ৱৰ্ল্ডমিটাৰৰ মতে, আমেৰিকাত প্ৰতি ১০ লাখত ৩.৪ নিযুত লোকক পৰীক্ষা কৰা হৈছে। চীনত সৰ্বাধিক ১৬০ নিযুত পৰীক্ষাৰ পিছত ৮৫,৮৪২ জন লোক সংক্ৰমিত হৈছে কোৰোনাত ।