অসম

৩৪তম ৰাষ্ট্ৰীয়-আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জিলিকিল কটন বিশ্ববিদ্যালয়

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদ্য সমাপ্ত পাঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৪তম ৰাষ্ট্ৰীয়-আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে সফলতা বুটলি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা ১ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই মহোৎসৱত জিলিকি উঠে কটন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা দলটোৱে বিভিন্ন অনুষ্ঠানত ভাগ লৈ ক্ৰমে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ উপৰি লোকনৃত্যত তৃতীয় পুৰস্কাৰ, লোক বাদ্যযন্ত্ৰ আৰু একক পাশ্চাত্য সংগীতত চতুৰ্থ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

'এছ'চিয়েচন অৱ ইণ্ডিয়ান ইউনিভাৰছিটি'ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতবৰ্ষৰ ১০০ ৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰে। গণসংযোগ সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক মুক্তিকাম হাজৰিকাৰ তত্ত্বাৱধানত কটন বিশ্ববিদ্যালয়ৰ ২৭ জনীয়া দলটোৱে অনূষ্ঠানত অংশগ্ৰহণ কৰে।

ইফালে ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ইষ্ট জ'ন আন্তঃ বিশ্ববিদ্যালয় মহোৎসৱত কটন বিশ্ববিদ্যালয়ে সাহিত্য বিভাগত শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হয়। বিভিন্ন বিভাগত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও লোকনৃত্য প্ৰতিযোগিতাত বিহু হুচৰি পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰ অৰ্জন কৰে কটন বিশ্ববিদ্যালয়ে।

অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কটন বিশ্ববিদ্যালয়ে ইয়াৰ পূর্বেও বহুবাৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত ভাগ লৈ বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। দলটোৱে কঢ়িওৱা এই সফলতাৰ বাবে ছাত্র-ছাত্ৰীসকলক অভিনন্দন জনাইছে শিক্ষক-শিক্ষয়িত্ৰীসকলে।