অসম

ৰহাৰ মনিপুৰটুপত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ মনিপুৰটুপত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ অনিয়ম। বিটুমিনত পানী মিহলাই পথ নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ। মৰিগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অন্তৰ্গত মনিপুৰটুপ ভকতগাঁৱত পি এম জি এছ ৱাই আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে ভকতগাঁও-ৰাজাবাৰী সংযোগী পথটো।

এম এইচ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে ঠিকাদাৰী চৰ্তত নিৰ্মাণ কৰা হৈছে এই পথটো। উল্লেখ্য যে, বিটুমিনৰ ড্ৰামৰ ওপৰত তাৰ সৈতে পানী মিহলি নকৰিবলৈ নিৰ্দশনা দিয়া হয় যদিও ৰাইজৰ অভিযোগ মতে এম এইচ এণ্টাৰপ্ৰাইজৰ ঠিকাদাৰ জনৈক ৰুফুল আমিনে এক ড্ৰাম বিটুমিনত তিনি ড্ৰাম পানী মিহলাই চাৰি ড্ৰাম কৰে বিটুমিন আৰু সেই পানী মিহলোৱা বিটুমিনেৰে নিৰ্মাণ কৰিছে মনিপুৰটুপৰ ভকতগাঁও-ৰাজাবাৰী সংযোগী পথ।

আনকি পাথৰতো এক টিন বিটুমিনৰ লগত তিনি টিন পানী মিহলাই পথত পেলাইছে সেই পাথৰ। ইতিমধ্যে প্ৰায় আঢ়ৈ শ মিটাৰ পথ এনেদৰে নিৰ্মাণ কৰিলে ঠিকাদাৰে। কিন্তু অলপতে অহা এজাক সামান্য বৰষুণতে নিৰ্মিত পথছোৱা বেলুন ফুলাৰ দৰে উফন্দি উঠাত স্থানীয় ৰাইজৰ বিষয়টো দৃষ্টিগোচৰ হয় আৰু বৃহস্পতিবাৰে বিয়লি স্থানীয় এঘৰত ঠিকাদাৰে বিটুমিনত পানী মিহলাই থাকোতেই স্থানীয় লোকে জব্দ কৰে বিটুমিনখিনি আৰু বন্ধ কৰি দিয়ে পথ নিৰ্মাণ কাৰ্য।

পিচত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াত পানী মিহলোৱা বিটুমিনৰ ড্ৰামত ৰঙা দাগ মাৰে। পূৰ্বেও ঠিকাদাৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰে এই পথটো নিৰ্মাণ কাৰ্য চলাই থকাৰ কথা ৰাইজে অভিযোগ দিয়াৰ পিচতো কিন্তু কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।