অসম

সৰ্বাধিক কোৰোনাত আক্ৰান্ত এচিয়াৰ দেশসমূহৰ ভিতৰত প্ৰথমস্থানত ভাৰত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰেক্ষাপটত কোৰোনাত আক্ৰান্ত সৰ্বাধিক দেশৰ নৱম স্থানলৈ উৰ্দ্ধমুখী হৈছে ভাৰত। তিনিটা দিনৰ পূৰ্বে ইৰানক চেৰ পেলাই দশম স্থান দখল কৰা ভাৰত আজি নৱম স্থানত। কেৱল এয়াই নহয়, এচিয়াৰ ভিতৰত কোৰোনাত সৰ্বাধিক আক্ৰান্ত হোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত হৈছে ভাৰত।

ৱল্ড মিটাৰ আৰু জন হপকিন্স ইউনিভাৰচিটিৰ মতে, ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,৬৩,১২০। নৱম স্থানত থকা তুৰ্কীক চেৰ পেলাইছে ভাৰতে। বিশেষজ্ঞসকলৰ মতে, এনেকৈ থাকিলে আগন্তুক দুই-তিনি দিনৰ ভিতৰতে ভাৰতে জাৰ্মানী আৰু ফান্সকো চেৰ পেলাব। উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰতত কোৰোনা ভাইৰাছে পাৰ কৰিলে ১২০টা দিন।