অসম

কোৰোনাত আক্ৰান্ত হৈ যোৰহাটত এজনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বেকাজানঃ কোৰোনা ভাইৰাছে গণ সংক্ৰমণ ৰূপ লোৱা যোৰহাটত দেওবাৰে বিয়লি এগৰাকী কোভিড ৰোগীৰ মৃত্যু হয় । যোৰহাটৰ গড়আলিৰ লাহতিৰ নিবাসী ৩৫ বছৰীয়া যুৱক আশীষ চাহেবালা কোৰোনা পজিটিভ হৈছিল।

যুৱকজন তীব্ৰ জ্বৰ হোৱাত দেওবাৰে যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। উল্লেখযোগ্য যে আশীষ চাহেবালা যোৰহাটৰ প্ৰথম জন কোভিড- ১৯ আক্ৰান্ত হৈ মৃত্যুত হোৱা ব্যক্তি।