অসম

কোকৰাঝাৰত নতুনকৈ ৫গৰাকী লোক কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত পুনৰাই কোভিড-১৯ পজিটিভৰ আতংকই বিৰাজ কৰিছে । বুধবাৰে জিলাখনত পাঁচজনকৈ লোক কোভিড-১৯ পজিটিভত আক্ৰান্ত হয়। ইয়াৰে চাৰি গৰাকী হ'ল কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিত অধ্যায়নৰত ছাত্ৰ। উল্লেখ্য যে, কোৰোনা মহামাৰীৰ পাছত স্বাভাৱিক পৰিৱেশৰ আৰম্ভ হোৱাৰ সময়তে পুণৰাই দ্বিতীয় ৱেভ কোৰোনাক লৈ এতিয়া আতংকই বিৰাজ কৰিছে ।

কেইদিনমান পূৰ্বে ৰাজ্যখনত ১৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত বুধবাৰে পুনৰাই নতুনকৈ কোকৰাঝাৰত ৫ গৰাকী লোক আক্ৰান্ত হোৱাত ৰাজ্যখনত কোৰোনা আক্ৰান্তৰ সংখ্যা ২১৭৪০৯ হ'লগৈ । সম্প্ৰতি নতুনকৈ আক্ৰান্ত ৰোগীসকলক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত অৱস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে । কোকৰাঝাৰত ১২৫ গৰাকী ব্যক্তিক পৰীক্ষা কৰোৱাৰ পিছত ৫ গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।