অসম

কোভিড পৰীক্ষা কৰিবলৈ ৰৈ থাকিল ৰোগী,সাংসদৰ ধমকত গা লৰিল চিকিৎসাকৰ্মীৰ,কোৰোনা পৰীক্ষাৰ পূৰ্বেই মৃত্যু হ’ল ৰোগীৰ…

asomiyapratidin

ডিজিটেল সংবাদ,বিহালী : কোভিড চেণ্টাৰত চিকিৎসাকৰ্মীৰ  হেমাহীৰ বাবেই পুনৰ এজন কোভিড ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে ৷ জানিব পৰা মতে  বিহালীৰ  মিজিকাজান চাহ বাগিছাৰ ১২ নং লাইনৰ বৰ্জু নায়ক নামৰ ব্যক্তিজনক জ্বৰ হৈ থকাৰ বাবে দেওবাৰে পুৱা ৭ বজাত পুত্ৰই আনিছিল বিশ্বনাথ চাৰিআলিৰ কভিড চেণ্টাৰলৈ।  কিন্তু ৭ বজাতে আহি কভিড চেণ্টাৰত উপস্হিত হোৱা  ব্যক্তিজনক দিনৰ ১০ বজালৈকে চিকিৎসাকৰ্মীয়ে পৰীক্ষা নকৰাৰ অভিযোগ কৰিছে পুত্ৰই ৷

ইফালে বহু সময় ধৰি চিকিৎসাকৰ্মীয়ে ৰোগী গৰাকীক কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ লগতে পৰীক্ষা নকৰাত শেষত পুত্ৰই  উপায়ন্তৰ হৈ ফোন কৰে সাংসদ পল্লৱ লোচন দাসক ৷ সাংসদৰ ধমক খাই চিকিৎসাকৰ্মী সকলৰ দৌৰা দৌৰি লাগে যদিও লোক জনৰ স্বাস্থ্যৰ অধিক অবনতি ঘটাত বিশ্বনাথ কভিড চেন্টাৰৰ নিচেই গাতে লাগি থকা বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ পুত্ৰই লৈ যায় যদিও ব্যক্তিজনে বিনা চিকিৎসাই বিনা স্বাৱাব টেষ্টতে অৱশেষত মৃত্যুবৰন কৰে ।

ভৰিৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ থকা ৰোগী গৰাকী ৩ ঘন্টা ধৰি চিকিৎসাৰ অভাৱত চটফটাই বহি থাকিব লগীয়া হল যদিও চিকিৎসাকৰ্মীৰ চৰম হেমাহিৰ ফলতে ৰোগীজনে মৃত্যুক সাবটি লব লগীয়া হয়।আনফালে মৃত্যুৰ পিছত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে ব্যক্তি গৰাকী কভিড পজিটিভ বুলি চিনাক্ত হয়।

ইফালে  মৃত্যুৰ পিছতো  একাংশ লোকে   অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ ১৪ হাজাৰ টকা দাবী কৰাৰ অভিযোগ পুত্ৰ ৰংকু  নায়কৰ৷পিপিই কিটৰ বাবেও ১০০০ টকাকৈ বিচৰাৰ অভিযোগ পুত্ৰৰ ৷ উপায়ন্তৰ হৈ নিজেই পিপিই কিট নিপিন্ধাকৈ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লয় পুত্ৰই ৷ ইফালে এই ঘটনা সন্দৰ্ভত  আটছাৰ বিহালী আঞ্চলিকৰ সহযোগত চৰকাৰীভাৱে নিৰ্ধাৰন কৰা শ্মশানৰ তৎতাবধায়ক বিশ্বনাথৰ ৰাজহচক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াক অভিযোগ দিয়ে পৰিয়ালটোৱে ৷