অসম

দেশৰ সৰ্বত্ৰে কোৰোনা ভাইৰাছ, বাচি আছে অসম, ছিকিম, ঝাৰখণ্ড, অৰুণাচলপ্ৰদেশ আৰু …

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ ১৯৯খন দেশত কোৰোনা ভাইৰাছে তাণ্ডৱ সৃষ্টি কৰিছে। ভাৰততো প্ৰায়বোৰ ৰাজ্যতে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এতিয়ালৈকে দেশত কেৰালাত সৰ্বাধিক ১৮২জন লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।

শনিবাৰৰ দিনা কেৰালাত ৬জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰত ১৮১জন লোকৰ দেহত কোৰোনা ভাইৰাছ চিনাক্ত কৰা হৈছে। শনিবাৰৰ দিনা ৰাজ্যখনত ২৫জন লোকৰ দেহলৈ কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱা নিশ্চিত তথ্য লাভ কৰা হৈছে।

এইখিনিতে মন কৰিব লগা যে, কোৰোনা ভাইৰাছত শনিবাৰৰ দিনা ভাৰতত সৰ্বাধিক লোক আক্ৰান্ত হোৱা তথ্য পোহৰলৈ আহিছে। এই পৰ্যন্তলৈকে ১৯৪জন লোকৰ দেহত এই ভাইৰাছ ধৰা পৰিছে। ভাৰতৰ ভিতৰত এতিয়ালৈকে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই ঝাৰখণ্ড, অসম, অৰুণাচলপ্ৰদেশ, ছিকিম, নগালেণ্ড, ত্ৰিপুৰাতহে।

উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামৰ এজনকৈ লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এওঁলোক বিদেশৰ পৰা আহিছিল। মণিপুৰত এগৰাকী চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ছাত্ৰী লণ্ডনৰ পৰা উভতাৰ পাছত কোৰোনাত সংক্ৰমিত হোৱা আৰু মিজোৰামত সপৰিয়ালে নেডাৰলেণ্ডলৈ যোৱা এজন ব্যক্তিৰ দেহত এই ভাইৰাছ সংক্ৰমিত হৈছে।