অসম

মানুহে মাস্ক পিন্ধা নাই, সামাজিক দূৰত্ব মানি চলা নাই, এয়া কি চলি আছেঃ উচ্চতম ন্যায়ালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনা সংক্ৰমণৰ ঘটনা তীব্ৰ গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে এই বিষয়ে কয় যে, কেন্দ্ৰই এচঅ'পপি জাৰি কৰি বৰ্তমান নিদ্ৰাৰত, তেওঁলোকে এচঅ'পি সঠিকভাৱে প্ৰয়োগ কৰা উচিত।উচ্চতম ন্যায়ালয়ে পুনৰ কয় যে, এতিয়া মানুহ মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা আৰম্ভ কৰিছে আৰু কোনোৱে পালন কৰা নাই সামাজিক ব্যৱধান।

উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ কি কৰি আছে বুলিও প্ৰশ্ন কৰে।তেওঁলোকে লগতে কয় যে, ভীৰ সৃষ্টিৰ ক্ষেত্ৰতো কোনো লোক বৰ্তমানেও সচেতন নহয়।বিষয় সম্পৰ্কত এচজিয়ে কয় যে, তেওঁলোকে কোনো ৰাজ্যকে দোষাৰোপ কৰিব বিচৰা নাই। কেৱল কোৰোনাৰ পৰা ৰক্ষা পোৱাৰ সমস্যা সমাধানৰ বাবেহে এই ব্যৱস্থা গ্ৰহণ কৰিছে।অন্যহাতে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ অচিলালৈ দেখা গৈছে জনসমাগম।

ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি কোনো সাধাৰণ নাগৰিকে গ্ৰহণ কৰা নাই কোনো সামাজিক দূৰত্ব, পৰিধান কৰা নাই মাস্ক। এই বিষয়ক লৈয়ো সচেতন মহলত চৰ্চা অব্যাহত আছে।গণ আন্দোলনৰ সময়ত চৰ্চালৈ অহা এই নিয়মবোৰে নিৰ্বাচনী খবৰৰ সময়ত কিয় চৰ্চিত নহয় বুলিও একাংশলোকে মতপোষণ কৰিছে।