অসম

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী…

asomiyapratidin

ডিজিটেল ডেস্কঃ শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে এখন ক'ৰ কমিটী গঠন কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষ, দিছপুৰে এক প্ৰেছ বাৰ্তাযোগে সদৰী কৰিছে এই কথা। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাছীৰ নেতৃত্বত গঠন কৰা হ'ব এই কমিটীখন।

উল্লেখ্য যে, এই কমিটীখনৰ সদস্য হিচাপে থাকিব কামৰূপ মহানগৰ উপায়ুক্ত, আৰক্ষী আয়ুক্ত, মাৰ্কেটিং ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিবহন আয়ুক্ত। লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীত মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱসায়িক সংগঠনৰ সৈতে অনুষ্ঠিত এক বৈঠকত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই বৈঠকত অংশগ্ৰহণ কৰে কামৰূপ চেম্বাৰছ অৱ কমাৰ্চ, শাক-পাচলিৰ পাইকাৰী বিক্ৰেতা সংস্থা, ফল মূল পাইকাৰী বিক্ৰেতা সংস্থা, কৃষি বিপণন পৰিষদে। ইফালে, ক'ৰ কমিটীৰ তত্বাৱধানত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ বিক্ৰীৰ স্থান নিৰীক্ষণ কৰাৰ বাবে গঠন হ'ব ফ্লাইং স্কুৱাড। লগতে কামৰূপ মেট্ৰলৈ শাক-পাচলি, ফল-মূল আদি কঢ়িয়াই অনা যান-বাহনসমূহ যাতে বাধাহীনভাৱে চলাচল কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে।