অসম

দক্ষিণ বালিজুৰিত অঙ্গনবাড়ী কৰ্মীসকলকলৈ ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ অঙ্গনবাড়ী কৰ্মীসকলককলৈ ৰন্ধন প্ৰতিযোগিতা। জামুগুৰিহাটৰ সমীপৰ দক্ষিণ বালিজুৰিৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মুকলি মঞ্চত চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বুধবাৰে পোষণ "পখোৱাৰা" উদযাপন কৰে ।

এই পোষণ "পখোৱাৰা" অনুষ্ঠানত অৰ্ধ শতাধিক অংঙ্গনবাড়ী কৰ্মীকলৈ ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানটিত চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংঙ্গনবাড়ী কৰ্মীসকলে বিভিন্ন পোষণ খাদ্যৰ উপস্থাপন কৰে।

এখন অংঙ্গনবাড়ী কেন্দ্ৰত কি দৰে কণ কণ শিশুসকলৰ বাবে পোষণ খাদ্য তৈয়াৰ কৰে আৰু ছাত্ৰ-ছাত্ৰীক কি জুটিৰে খাবলৈ দিয়া হয় তাৰ সন্দৰ্ভতে এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাত স্থান লাভ কৰা অংঙ্গনবাড়ী কৰ্মীসকলক পুৰস্কৃতও কৰা হয় ৷

এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, চতিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ চুপাৰভাইজাৰ বিনা খনাল প্ৰমুখ্যক কৰি আন বিষয়াসকল উপস্থিত থাকে ৷