অসম

দৰঙত ইটাৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ : দৰঙত এতিয়া ইটাৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পোৱাত সাধাৰণ ৰাইজে জলাকলা খাইছে। বিশেষকৈ চৰকাৰী ভাবে আৱন্তিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ডেৰ লাখ টকীয়া গৃহ নিৰ্মানত দৰিদ্ৰ পৰিয়ালে হাবুডুবু খাবলগীয়া হৈছে। কিয়নো অন্যান্য সামগ্ৰীৰ লগতে ইটাৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে চৰকাৰীভাবে দৰিদ্ৰ পৰিয়ালে লাভ কৰা গৃহ নিৰ্মানত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে।

দৰং জিলাৰ ছিপাঝাৰ, পাথৰিঘাট, মঙলদৈ, পূব মঙলদৈ আৰু দলগাওঁ ৰাজহচক্ৰৰ অন্তৰ্গত ভিন্ন স্থানত আছে প্ৰায় ৫৬ টাকৈ ইটাভাটা। এই ইটা ভাটা সমূহে শেহতীয়াকৈ ইটা বিক্ৰীৰ নামত কৌশলৰে গ্ৰাহকক মাধমাৰ শোধোৱাৰ লগতে অবৈধ বেহাত নামি পৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। চৰকাৰী নীতি-নিয়ম ধোৱাচাঙত তুলি কেৱল ধন ঘটাৰ স্বাৰ্থত একাংশ বিষয়াক মেনেজ কৰি চলাই থকা এই ইটাৰ ব্যৱসায়ীৰ শেহতীয়া কৰ্মকাণ্ডই দৰঙৰ ৰাইজক লুটি খোৱাৰ লগতে জিলা প্ৰশাসনক দিয়া প্ৰতিশ্ৰুতিকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰাটো স্পষ্ট হৈ পৰিছে।

লক্ষনীয় যে, দৰঙৰ ৫৬ টা ইটাভাটাৰ বেপাৰীয়ে ইটাৰ ব্যাপক চাহিদাৰ গইনা লৈ প্ৰতি হাজাৰ ইটা ১২ হাজাৰকৈ বিক্ৰীৰ প্ৰতিশ্ৰুতি দিছিল দৰং জিলা প্ৰশাসনক। বিশেষকৈ জিলা প্ৰশাসনে এই সন্দৰ্ভত কেবাটাও বাতৰি প্ৰকাশৰ পাছত ভাটা বেপাৰীক প্ৰতিটো ইটাৰ দৰ ১৫/১৮ টকাৰ বিপৰীতে ১২ টকা কৰিবলৈ নিৰ্দেশ দিছিল যদিও ইটা ব্যৱসায়ীয়ে প্ৰতি হেজাৰ ইটাৰ দৰ ৯,৫০০ টকা দেখুৱাই জিএচটি প্ৰদান কৰে, তদুপৰি প্ৰতিকূল বতৰত ক্ষতি দেখুৱাই জিলা প্ৰশাসনৰে অনুস্থিত সভাত প্ৰতি হেজাৰ ইটাৰ মূল্য ১২ হেজাৰ টকা দাবী কৰি লয়। পিছে, উৎপাদিত পৰিমাণতকৈ নিৰন্তৰ নিম্ন পৰিমাণৰ হিচাব দি জিএচটি সহ অন্য কৰফাকি দি অহা বেপাৰীবোৰে প্ৰশাসনক দিয়া প্ৰতিশ্ৰুতি মঙলদৈ এৰাৰ লগে লগে পাহৰি যায়। বেপাৰীবোৰে ইটা সমূহ ভাটাৰ পৰা আতৰাই একাংশ মধ্যভোগীৰ ঘৰ, বাণিজ্যিক প্ৰতিষ্ঠান আনকি গোপন স্থানত লুকাই থৈ সৃষ্টি কৰে কৃত্ৰিম নাটনি। যাৰবাবে দুখীয়া সকলে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস অথবা ঠিকা কামত নিৰ্মানৰ বাবে ইটা বিচাৰি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। ইটাৰ দোকান, বজাৰৰ সলনি মধ্যভোগীৰ জমাস্থানৰ পৰা বিক্ৰী কৰে ইটা বেপাৰীসকলে। ফলত ৯.৫০ টকা জিএচটি, ১২ টকা সৰ্বসন্মত সহানুভূতিৰ নিৰিখ ওফৰাই ইটা বেপাৰীয়ে প্ৰতিটো ইটাৰ বিপৰীতে ১৫ টকাৰ পৰা ১৮ টকালৈ সংগ্ৰহ কৰি আহিছে। ইটা বেপাৰীৰ এই চলনাই সৰ্বাধিক ক্ষতি কৰিছে দীৰ্ঘদিনে এটা পকীঘৰৰ সপোন দেখি অহা প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰী সকলক।

ঠিকা কামত ব্যৱহৃত ইটাৰ মূল্যবৃদ্ধিয়ে নিৰ্মানৰ গুণগত মান নিম্নগামী কৰাটো নিশ্চিত যদিও প্ৰধানমন্ত্ৰী আৱাস লাভ কৰা সকলে কিন্তু এনে ক্ষতিৰ পৰা হাত সাৰিবলৈ ঘৰটো নিম্ন মাণদণ্ডৰে সাজিব নোৱাৰে। কিয়নো ইটাৰ দৰ বঢ়ালেও নিৰ্মান সম্পন্ন হলে নিজেই আৱাস হিচাবে দিন-ৰাতি অতিবাহিত কৰিব লাগিব। যাৰবাবে, দৰিদ্ৰ সকলৰ গৃহ নিৰ্মানত প্ৰধান অন্তৰায় তথা শত্ৰু হৈ পৰিছে ইটা বেপাৰীসকল। এই সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে দৰং বাসীয়ে।