অসম

ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ সোণাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত ৰাজনৈতিক বাতাবৰণ গৰম হৈ পৰিছে৷ শাসক বিৰোধী দলৰ নেতা পালিনেতাই ভোটৰ অংকত পানী ঘোলা কৰিছে৷ সোণাৰিত মঙলবাৰে কংগ্ৰেছ দলে এখন সংবাদমেল অনুষ্টিত কৰে।

এই সংবাদমেলত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ নেতা তথা প্ৰাৰ্থীক ক্ষুৰধাৰ সমালোচনা কৰে৷ বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ'লে ৰাজনীতি ত্যাগ কৰিব বুলি তেওঁ ঘোষণা কৰে। বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ পৰিয়ালকো চোকা সমালোচনা বিধায়ক গৰাকীৰ। সোণাৰিৰ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ পৰিয়াল শ্ৰমিকৰ মাটি দখলকাৰী বুলি বিস্ফোৰক মন্তব্য।