অসম

‘কেব’ৰ বিৰুদ্ধে দৰঙত কংগ্ৰেছৰ ৭ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ কেবিনেটে অনুমোদন জনোৱাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত শুকুৰবাৰে দৰং জিলা কংগ্ৰেছ কমিটীয়েও দৰং জিলা পুথিভঁৰাল প্ৰাংগনত ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

পুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈ চলা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদী কাৰ্যসূচীত দৰং কংগ্ৰেছৰ সভাপতি ওৱাহিদা আহমেদৰ লগতে জিলা, ব্লক পৰ্যায়ৰ নেতা-কৰ্মীৰ উপৰিও অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বসন্ত কুমাৰ দাস উপস্থিত থাকে।