অসম

‘কা’ আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত দাখিল কৰা নাই প্ৰতিবেদন! নাৰাজ মানৱ অধিকাৰ আয়োগ…

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাজীৱ ভবনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আইন বিভাগৰ অধ্যক্ষ নিৰন বৰাৰ সংবাদমেল । কা আন্দোলনৰ শ্বহীদক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মানৱ অধিকাৰ আয়োগত তৰা গোচৰৰ গুৰুত্বপূৰ্ন ৰায়দান সন্দৰ্ভত এই সংবাদমেল । কা আন্দোলনৰ শ্বহীদক ন্যায়ৰ বাবে মানৱ অধিকাৰ আয়োগত তৰা গোচৰৰ শুনানি।পঞ্চ শ্বহীদৰ মৃত্যু সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো আজিলৈ প্ৰতিবেদন দাখিল নকৰাকলৈ নাৰাজ মানৱ অধিকাৰ আয়োগ এই মন্তব্য কৰে অধ্যক্ষ জনে ।

১৩ জানুৱাৰী, ৩০ জানুৱাৰী আৰু ২০ আৰু ২৫ ফেব্ৰুৱাৰীত শুনানি অনুষ্ঠিত কৰি বাৰম্বাৰ তদন্তৰ প্ৰতিবেদন অসম চৰকাৰক দাখিল কৰিবলৈ দিয়াৰ পিছতো অসম চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল বুলি অভিযোগ উত্থাপন কৰে কৰি বৰাই কয় অৱশেষত ১৪ চেপ্টেম্বৰত অনুষ্ঠিত শুনানিত চৰকাৰক এমাহৰ সময়সীমা আয়োগৰ।এমাহৰ ভিতৰত ঘটনাৰ তদন্তৰ প্ৰতিবেদন নিদিলে শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব ।সদ্যহতে 18 বছৰ উৰ্ধৰ শ্বহীদ ঈশ্বৰ নায়ক আৰু আব্দুল আলিমৰ পৰিয়ালক দিব লাগিব 3 লাখ টকা ক্ষতিপূৰণ। লগতে 18 বছৰ অনুৰ্ধৰ দিপাঞ্জল দাস আৰু চেম স্টেফৰ্ডৰ পৰিয়ালক 2 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলি উল্লেখ কৰে অধ্যক্ষ বৰাই ।

পঞ্চ শ্বহীদৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে ৰিপুন বৰাই তৰা গোচৰৰ শুনানিত এই নিৰ্দেশ আদালতৰ ।দোষী আৰক্ষী বিষয়াৰ শাস্তিৰ লগতে শ্বহীদৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণৰ দাবীৰে তৰিছিল গোচৰ ।অহা ১৬ নৱেম্বৰত অনুষ্ঠিত হব গোচৰটোৰ পৰৱৰ্তী শুনানি । ৰাজীৱ ভৱনত অনুষ্ঠিত সাংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধক্ষ্য নিৰণ বৰাই প্ৰকাশ কৰে এই কথা।

ইপিনে কা আন্দোলনত মৃত্যু হোৱা ডিব্ৰুগড়ৰ দিজেন্দ্ৰ পাংগিং ৰ মৰুনোত্তৰ পৰীক্ষা সম্পন্ন নোহোৱাৰ বাবে তদন্তৰ প্ৰতিবেদন দিব পৰা নাযাব বুলি দিয়া প্ৰতিবেদন সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰি বৰাই কয় উচিত তদন্ত আৰু ন্যায় প্ৰাপ্তিৰ বাবে আদালতত বিনামূলীয়াকৈ ন্যায়িক যুজঁ চলাই যাব বুলি মন্তব্য নিৰণ বৰাৰ।ইয়াৰ বাবে দ্বিজেন্দ্ৰৰ পৰিয়ালক প্ৰদেশ কংগ্ৰেছৰ সৈতে যোগাযোগৰ আহ্বান।।