অসম

বন্যাৰ্তৰ খবৰ লবলৈ গৈ চামগুৰিত নাও ডুবিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত বান ক্ষতিগ্ৰস্ত লোকৰ খবৰ লবলৈ আহি প্ৰাক্তন মন্ত্ৰী তথা ৰকিবুল হুছেইনন সহ দলটো পৰিল পানীত ।নাও ডুবু ডুবু অৱস্থাত সুকলমে পাৰলৈ যাবলৈ সক্ষম হ'ল আটাইকেইজন ।

উল্লেখ্য যে মঙলবাৰে বিয়লি চামগুৰিত বন্যাৰ্তৰ কাষত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন উপস্থিত হৈছিল ।চামগুৰি সমষ্টিৰ ভগামুখৰ লগতে বিভিন্ন স্থানত উপস্থিত হৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ সময়তে সংঘটিত হ'ল এই ঘটনা ।