অসম

বান সাহায্য বিতৰণত অনিয়ম, কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ তুলি নগাঁও জিলাৰ কলিয়াবৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছ।

বিৰোধী দলটোৰ কলিয়াবৰ সমিতিয়ে বান সাহায্য বিতৰণত সংঘটিত হোৱা অনিয়মৰ নিৰপেক্ষ তদন্ত বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

কলিয়াবৰৰ কুৱঁৰীটোলত দুঘণ্টা ধৰি ৰূপায়ণ কৰা এই ধৰ্মঘটৰ অন্তত দলটোৱে  মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত দলটোৱে প্ৰকৃত ক্ষতিগ্ৰস্তসকলক বান সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

জলসম্পদ মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই দেওবাৰে সংবাদ মেলযোগে বান সাহায্য বিতৰণত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি তদন্ত ঘোষণা কৰাৰ পিছত আজি বিৰোধী দলটোৱে এনেদৰে প্ৰতিবাদ জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে বিগত বৰ্ষৰ ১২ আগষ্টৰ নিশা হাতীমূৰাত মথাউৰি চিঙি ব্ৰহ্মপুত্ৰই কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছিল। এই বানত গৃহহাৰা হৈ পৰিছিল সহস্ৰাধিক লোক।