অসম

কৃষ্ণাইত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা, মোদীক মিছলীয়া আখ্যা মানস বৰাৰ

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ বলিছে গৰম বতাহ৷ প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰ গতিত চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ৷ পিছ পৰি ৰোৱা নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলো৷ মঙলবাৰে নিশা কৃষ্ণাই গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সকলৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লয় অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা মানস বৰাই৷

মানস বৰাই ভাষণ প্ৰসংগত বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, সাধাৰণ ৰাইজক সপোন দেখুৱাই চৰকাৰ গঠন কৰিছিল কিন্তু ৰাইজৰ সপোন বাস্তৱিত নকৰিলে বিজেপি চৰকাৰে৷ নৰেন্দ্ৰ মোদীয়ে দুখীয়া ৰাইজৰ বাবে নহয়ল পুঁজিপতিৰ বাবেহে চিন্তা কৰে৷ ক'লা ধনৰ প্ৰসংগত মোদীক কটাক্ষ কৰি তেওঁ কয়- এক টকাও বিদেশৰ পৰা ক'লা ধন ঘুৰাই আনিব নোৱাৰিলে৷ বৰঞ্চ সাধাৰণ ৰাইজকহে হাৰাশাস্তি কৰিলে৷

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয়- 'বিগত ১৫বছৰ কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ পূৰ্বে অগপই এক বিশেষ আঁচনি ৰাইজৰ বাবে প্ৰস্তত কৰিছিল৷ সেয়া হ'ল গুপ্ত হত্যাৰ আঁচনি৷ সেই কথা জনতাই আজিও পাহৰা নাই৷ আমি সকলোৱে একত্ৰিত হৈ কংগ্ৰেছ দলক বিপুল ভোটত জয়যুক্ত কৰি হাত মজবুত কৰিব লাগিব৷ তেতিয়া ৰাইজৰ উন্নয়ণ হ'ব৷ দুখীয়াৰ উন্নয়ণ হ'ব৷'

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিগন্ত ৰাভাকে ধৰি কৃষ্ণাই জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী ববিতা বেগম, আঞ্চলিক পঞ্চায়তৰ সদস্য, সভাপতি, সদস্য সকলৰ উপৰিও কেইবাজনো দলীয় নেতা-কৰ্মী উপস্থিত থাকে৷