অসম

ৰাভা হাছং পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰে৷ গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক এ, কে ৰশিদ আলমে এক অনুষ্ঠান আয়োজন কৰি প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰে আৰু নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰে৷

ৰাভা হাছং এলেকাৰ গোৱালপাৰা জিলাৰ ২০টা পৰিষদীয় সমষ্টি আৰু কামৰূপ জিলাৰ ১৬টা পৰিষদীয় সমষ্টিৰ সৰ্বমুঠ ৩৬ টা পৰিষদীয় সমষ্টিত ৩৬ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ ইফালে গোৱালপাৰা জিলাৰ ২০ গৰাকী প্ৰাৰ্থীক টিকট প্ৰদান কৰাৰ বিপৰীতে সম্বৰ্ধনা জনায় শুভেচ্ছা জ্ঞাপন কৰা হয়৷ আনহাতে এইবাৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছক ৰাইজে আকোৱালী লৈছে আৰু ৰাভা হাছংত একক সংখ্যাগৰিষ্ঠ লাভ কৰি ৰাভা হাছং পৰিষদ কংগ্ৰেছে গঠন কৰিব বুলি দাবী কৰে বিধায়ক গৰাকীয়ে৷ প্ৰাৰ্থীসকলৰ তালিকাখন এনেধৰণৰ-