অসম

মঙলদৈত হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ…

asomiyapratidin

ডিজিটেল সংবাদ,‌ মঙলদৈ : মানৱতাবাদী সংগঠন কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত বুধবাৰে পুৱা ১০.৩০ বজাত মঙলদৈ ইউথ ক্লাবত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ন কৰা হয়। এই অনুষ্ঠানত 'মানুহে মানুহৰ বাবে –, দৰং, অসম', ইউনিটি উই দ্যা ব্লাড ড'নাৰচ গ্ৰুপ, মঙলদৈ ইউথ ক্লাব, মঙলদৈ প্ৰেছ ক্লাব আদি সংগঠনে সহযোগ কৰি অসমৰ কথা শিল্পী গৰাকী ৰ মহাপ্ৰয়াণ ত গভিৰ শোক প্ৰকাশ কৰে।


আনহাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে। অসম সাহিত্য সভাই সাহিত্যক গৰাকীৰ মৃত্যু ত তিনিদিনীয়াকৈ শোক প্ৰকাশ কৰিবলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা ই এক প্ৰত্ৰৰ জৰিয়তে সাহিত্য সভাৰ প্ৰতিটো কাৰ্যালয়,প্ৰতিখন জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ পতাকা তিনি দিন অৰ্ধ নমিত কৰি ৰাখিবলৈ জনোৱা আহ্বানত দৰং জিলা সাহিত্য সভা তথা জিলা খনৰ প্ৰতি খন শাখা সাহিত্য সভাই সাহিত্যক গৰাকীৰ মৃত্যু ত শোক প্ৰকাশ কৰি সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি ৰাখে। জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে জনোৱা মতে দৰং জিলা সাহিত্য সভা আৰু জিলা খনৰ শাখা সাহিত্য সভাই তিনিদিনীয়াকৈ কৈ শোক প্ৰকাশ কৰি যাৱ।