অসম

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল অধীক্ষকক গুলীয়াই হত্যাৰ ভাবুকি সতীৰ্থ চিকিৎসকৰ

asomiyapratidin

ডিজিটেল সংবাদ, বৰপেটাঃ মাজে সময়ে বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভিতৰ চ'ৰাত সংঘটিত হৈছে এক অভাৱনীয় ঘটনা৷ এগৰাকী সহকৰ্মী চিকিৎসকৰ ভাবুকিৰ সন্মুখীন হৈছে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ খোদ অধীক্ষকগৰাকী৷ স্বাভাৱিকতে এই ঘটনাই চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চ'ৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে শুকুৰবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত অধীক্ষক ববীজিৎ গোস্বামীয়ে প্ৰসুতি বিভাগৰ কিছুমান সমস্যাৰ কথা আলোচনা কৰি থকাৰ সময়তে কোঠাত ডা০ ৰূপক ভট্টাচাৰ্য নামৰ এনাস্থেচিয়া বিভাগৰ সহকাৰী অধ্যাপক এগৰাকীয়ে এই ভাবুকি প্ৰদান কৰে৷ ইয়াৰ পিচতে চিকিৎসকগৰাকীয়ে বিভিন্ন কথাৰে অধীক্ষক গৰাকীক আক্ৰমণ কৰে৷

চিকিৎসকগৰাকীয়ে শেষত অধীক্ষক গৰাকীক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষক ববীজিৎ গোস্বামীয়ে বৰপেটা সদৰ থানাত ডা০ ৰূপক ভট্টাচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ ঘটনা সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধীক্ষক ডা০ ববীজিৎ গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ঘটনাতো সংঘটিত হৈছে ডিউটিক কেন্দ্ৰ কৰি৷

অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ডা০ ৰূপক ভট্টাচাৰ্যই দিয়া দায়িত্ব পালন কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে৷ এই সম্পৰ্কত অধীক্ষক গৰাকীয়ে এনাস্থেচিয়া বিভাগৰ মুৰব্বী অধ্যাপক ডা০ নিলোৎপল দাসৰ সৈতে কথা পাতি থকা অৱস্থাতে ডা০ ৰূপক ভট্টাচাৰ্যই বিভিন্ন অশ্ৰাব্য গালি গালাজ কৰাৰ লগতে অধীক্ষক গৰাকীক মুৰত গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷

অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চিকিৎসা মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপকগৰাকীয়ে শাসকীয় দল বিজেপিকো গালি পাৰে৷ ডা০ ভট্টাচাৰ্যই চৰকাৰী চাকৰি কৰি ৰাজনৈতিক দলৰ হৈ কাম কৰা বুলি উল্লেখ কৰিও গালি পাৰা বুলি অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে৷ ডা০ ভট্টাচাৰ্যই নিজকে কমিউনিষ্ট বুলি মন্তব্য কৰে বুলিও জানিবলৈ অধীক্ষক গোস্বামীয়৷ ইপিনে ডা০ ৰূপক ভট্টাচাৰ্যই অধীক্ষকগৰাকীয়ে একনায়কত্ববাদ খটুৱাই আহিছে বুলি অভিযোগ উত্থাপন কৰিছে৷

হাস্পতাল কৰ্তৃপক্ষৰ ভুমিকাত ক্ষুন্ন হৈয়ে ডা০ ভট্টাচাৰ্যই অধীক্ষকগৰাকীক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বুলিও চিকিৎসা মহাবিদ্যালয়খনত আলোচনা হৈছে৷ উল্লেখ্য যে, ডা০ ৰূপক ভট্টাচাৰ্যৰ বিৰুদ্ধে সুৰাপান কৰি কৰ্তব্য পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ এজাহাৰত উল্লেখ কৰা অনুসৰি ঘটনাটোৰ সময়ত ডা০ কেশৱ উপাধ্যায়, ডা০ বিদ্যুৎ বৰা, ডা০ ৰমেন বড়ো উপস্থিত আছিল৷

এই ঘটনাক তীব্ৰ গৰিহণা দিছে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী সন্থাই৷ সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে নৱজ্যোতি দাস আৰু নৱজিৎ দাসে ঘটনাৰ এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷