- বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে আজি গোলাঘাট ভ্ৰমণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
- বগৰীজেঙত গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন উপলক্ষে গোলাঘাটত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী।
- মহাবিদ্যালয়খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পল্লৱলোচন দাস আৰু বিধায়িকা অজন্তা নেওগ।
- ইতিমধ্যে ৭ মাহৰ পূৰ্বৰে পৰাই আৰম্ভ হৈছে মহাবিদ্যালয়ৰ শ্ৰেণীসমূহ।
- মহাবিদ্যালয়খনত স্থায়ী অধ্যক্ষ আৰু ইনষ্ট্ৰাক্টৰ নিযুক্তি নিদিয়াক লৈ ক্ষোভ প্ৰকাশ ছাত্ৰ-ছাত্ৰীসকলৰ।