অসম

কৃষ্ণগুৰু প্ৰভুৰ ৮৬সংখ্যক আবিৰ্ভাৱ তিথি, কৃষ্ণগুৰুৰ সেৱাশ্ৰমত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ লকডাউনৰ মাজতে শনিবাৰে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৃষ্ণগুৰু সেৱাশ্ৰমৰ সুৱৰ্ণ কুড়ত নাম-জপ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে, আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুৰ শনিবাৰে ৮৬ সংখ্যক আবিৰ্ভাৱ তিথি। আৰু গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষ্যে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

দুপৰীয়া ২ঃ৫১ বজাত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সুৱৰ্ণ কুড়ত নাম-জপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু গুৰুজনাৰ সমাধিস্থলীত উপস্থিত হৈ গুৰুজনাক সোঁৱৰণ কৰাৰ পিছত প্ৰৱেশ কৰে গুৰুগৃহত। গুৰুগৃহত অন্ন গ্ৰহণ কৰি প্ৰায় দুই ঘন্টা আশ্ৰমত অতিবাহিত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে, লকডাউনৰ মাজতে শনিবাৰে কৃষ্ণ সেৱাশ্ৰমত মাত্ৰ কেইজনমান ভকতৰ উপস্থিতিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে গুৰু আবিৰ্ভাৱ তিথি। ইপিনে আশ্ৰমৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰবেশ নিষিদ্ধ কৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে। সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে মুখ্যমন্ত্ৰী।