অসম

প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতাহে জনালে মুখ্যমন্ত্ৰী সোণোৱালে…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছতেই ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে- 'অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ বাবে কমিটী গঠন কৰাৰ পিছতে মৰাণ, মটক, টাই আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছো।'

লগতে মুখ্যমন্ত্ৰী সোণোৱালে ছ'চিয়েল মিডিয়াত এয়া ঐতিহাসিক সিদ্ধান্ত, পূৰ্বতে কোনো এখন চৰকাৰেই অসম আৰু অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থত এনে দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰাৰ সাহস দেখুওৱা নাছিল বুলিও মন্তব্য কৰে। এই বলিষ্ঠ পদক্ষেপে অসমৰ খিলঞ্জীয়াৰ জাতিসত্ত্বাক নীতিগতভাৱে সুৰক্ষা দিয়াৰ লগতে স্বকীয়তাও সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।