অসম

অৱশেষত কোৰোনাৰ প্ৰসংগত সংবাদমাধ্যমত মুখ খুলিলে মুখ্যমন্ত্ৰী সোণোৱালে, ক’লে, “ৰাইজে ভয় খাব নালাগে…”, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাৰীয়ে লখিমপুৰত উপস্থিত হৈ জিলা প্ৰশাসনৰে বৈঠকত মিলিত হয়। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কয়, কোৰোনা ভাইৰাছ যাতে ৰাজ্যই প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবে ক'ৰেনটাইন আৰু চিকিৎসালয় সমূহত আইচলেশ্যনৰ ব্যৱস্থা কৰা হৈছে৷ পৰ্যাপ্ত সুবিধাৰ চিন্তা কৰা হৈছে৷ ২১ দিন লকডাউন পালন কৰি ৰাইজে সামাজিক ব্যৱধান বৰ্তাই ৰাখক।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাইজে ভয় খাব নালাগে৷ সকলো শ্ৰেণীৰ লোকৰ বাবে চৰকাৰে চিন্তা কৰিছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নঘটে৷ পশু খাদ্যৰ ব্যৱস্হা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে৷ লকডাউন অসমত সফল কৰিব লাগিব৷ উল্লেখ্য যে, কোৰোনা প্ৰতিৰোধ সন্দৰ্ভত জিলা প্ৰশাসনৰে উপায়ুক্তৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী৷ এই বৈঠকত উপস্থিত থাকে সকলো বিভাগৰ মুৰব্বীসকল৷ লগতে ধেমাজিৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো বৈঠকত উপস্থিত থাকে।