অসম

বিশ্বকৰ্মা পূজাৰ দিনা গাঁৱৰ ঘৰত মুখ্যমন্ত্ৰী

asomiyapratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিশ্বকৰ্মা পূজাৰ দিনটোত ৰাজধানীৰ ভিৰ আৰু কোলাহলক একাষৰীয়াকৈ থৈ গাঁৱৰ ঘৰত ওচৰ-চুবুৰীয়াৰ সৈতে সময় কাটলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গাঁওবাসীৰ দুখ-দুৰ্দশাৰ বুজ লৈ নিজ বাসগৃহৰ সমুখৰ এটি পথৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পথটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লৈ ৰাজ্যবাসীৰ কোনো সমস্যাকে চৰকাৰে আওকাণ নকৰে বুলি দৃঢ়মত পোষণ কৰে। ৰাজ্যৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবেই বিজেপি চৰকাৰে কাম কৰি আহিছে বুলিও ভাষণত উল্লেখ কৰে গাঁৱলৈ যোৱা সোণোৱালে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ ১ নং লক্ষীনগৰৰ পথটোৰ দুৰৱস্থাৰ বিষয়ে চিনাকি ওচৰ-চুবুৰীয়াই তেওঁক জনাই শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছিল। গাঁওবাসীৰ সেই আহ্বান অনুযায়ী বিশ্বকৰ্মা পূজাৰ দিনটোতে পথটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

গাঁৱৰ আপোন ঘৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে স্বাস্থ্য তথা গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। জানিব পৰা মতে, দিনযোৰা ব্যস্ততাৰ অন্তত নিশাটো ডিব্ৰুগড়তে কটাইছে মুখ্যমন্ত্ৰী সোণোৱালে।