অসম

আমবাৰীৰ পিছত মুখ্যমন্ত্ৰীৰ ২ উপদেষ্টাৰ পদুলিত পোষ্টাৰিংঃ নিৰাপত্তাৰক্ষীৰ হাহাকাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত মন্ত্ৰীৰ গাদী সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে অগপ দলৰ তিনি নেতাই বিজেপি চৰকাৰৰ পক্ষত অৱস্থান কৰাৰ বিৰুদ্ধে কোনো লোকে শনিবাৰৰ নিশা দলটোৰ আমবাৰীস্থিত কাৰ্যালয়ত পোষ্টাৰিং কৰিছিল। দেওবাৰে দিনৰ ভাগত কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ দলটোৰ আমবাৰী কাৰ্যালয়ৰ সন্মুখত ৰাজপথত শুই পৰি ব্যাহত কৰি দিছিল যান-বাহনৰ চলাচল।

ইফালে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাত্ৰৰ প্ৰতিবাদৰ মুখামুখি হোৱাৰ পৰা বাচিবলৈ শনিবাৰে বৰঝাৰৰ পৰা গুৱাহাটীলৈ আহোতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছফালৰ পথেৰে দিছপুৰলৈ আহিব লগা হোৱাৰ উপৰি ডিব্ৰুগড়ত নিজ বাসভৱনৰ সন্মুখতে আছুৰ সদস্যসকলৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগাৰ ভয়ত বিয়া ঘৰত উপস্থিত হ'বলৈকো বহু সময় অপেক্ষা কৰিব লগা হয়।

দেওবাৰৰ নিশাই ক্ষুদ্ধ প্ৰতিবাদী পোষ্টাৰিং চলে মুখ্যমন্ত্ৰী মিডিয়া আৰু আইন উপদেষ্টাদ্বয় ক্ৰমে হৃষীকেষ গোস্বামী আৰু শান্তুনু ভৰালীৰ বাসভৱনত। শিলপুখুৰীত থকা শান্তুনু ভৰালীৰ ঘৰ আৰু হৃষীকেষ গোস্বামীৰ নাৰিকলবস্তীস্থিত বাসভৱনৰ সন্মুখত অজ্ঞাত প্ৰতিবাদীয়ে ভালে সংখ্যক পোষ্টাৰ লগাই থৈ যোৱা ঘটনাই সকলোকে আচৰিত কৰিছে। কিয়নো কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে প্ৰতিবাদীসকলে এই পোষ্টাৰসমূহ লগাই থৈ যায়।

শান্তুনু ভৰালীৰ পদুূলিত লগোৱা পোষ্টাৰত তাৎপৰ্যপূৰ্ণভাৱে লিখা হয়, 'আপুনি যি বুজে বুজক, হিন্দু বিদেশী আহিলেহে আমাৰ ৰঙা লাইট থাকিব, অসমীয়া সহোদৰক চুৰি মাৰিও হিন্দু বাংলাদেশীৰ হতুৱাই মোৰ ৰঙা লাইট বচামেই। ৰাইজ অসম আন্দোলম মইও কৰিছিলো, কিন্তু ৰঙা লাইট মোক বিজেপিয়ে দিছে।' ইফালে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ বাসভৱনৰ সন্মুখত লগোৱা পোষ্টাৰত লিখা হৈছে, 'ৰাইজ মই হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীক জাতি বিক্ৰী কৰাৰ পৰামৰ্শ মইয়ে দিছো, কিয়নো মোৰ বাবে জাতিতকৈ গাদী ডাঙৰ…আদি।

পুৱাৰ পোহৰত এনে পোষ্টাৰিং দেখি বাসভৱনত নিৰাপত্তাৰ নামত শুই থকা নিৰাপত্তাৰক্ষী সকলৰ মাজত হাহাকাৰ লাগে। লগে লগে এইবোৰ আতঁৰোৱাৰ ব্যৱস্থা কৰা হয় যদিও, ইতিমধ্যে এইবোৰৰ ফটো পুৱতি নিশা আন্ধাৰত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অৱশ্যে দুয়োগৰাকীৰ উপদেষ্টাক সকিয়াই কৰা এই পোষ্টাৰিঙৰ লিপিৱদ্ধ কথাবোৰে দুই প্ৰাক্তন সংগ্ৰামী নেতাৰ অন্তৰত কেনে প্ৰভাৱ পেলায় সেইয়া স্পষ্ট নহয়। কিয়নো ক্ষমতাৰ লোভত মন-মগজু-বিবেক ইতিমধ্যেই তেওঁলোকে বিসৰ্জন দিয়া বুলি সকলো পতিয়ন গৈছে।