অসম

বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা চাবুৱাৰ ১৯১ টা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ সকাহ

Asomiya Pratidin

ডিজিটেল সংবাদ : দীৰ্ঘ সময়ৰ বিৰতিৰ পাছত যেন কিছু সকাহ চাবুৱাৰ বিন্ধাকটা গাওঁ পঞ্চায়ত অন্তৰ্গত মিৰিগাওঁ আৰু বালিজান গাওঁ পঞ্চায়তৰ খহনীয়াগ্ৰস্ত পৰিয়ালসমূহলৈ । শণিবাৰে পানীতোলা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত মিৰিগাওঁ ৯ নং ৱাৰ্ডৰ ৯৫ টা পৰিয়াল আৰু ৰংমলাৰ ৯ নং ৱাৰ্ডৰ ৯৬ টা পৰিয়ালক প্ৰদান কৰা হয় এককালীন সাহাৰ্য ।

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত মুঠ ১৯১ টা পৰিয়ালক ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা এক লাখকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় । উক্ত সাহাৰ্য লাভ কৰি লোকসকলে এইদৰে মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক পোনাকণ বৰুৱা আৰু সাংসদ প্ৰদান বৰুৱাক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে চাবুৱাৰ মিৰিগাওঁ আৰু ৰংমলা অঞ্চলত বিগত সময়ত বিগত সময়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই অঞ্চলটোৰ প্ৰায় বহুসংখ্যক বাসগৃহ নিশ্চিহ্ন কৰি পেলালে । যাৰ ফলত গৃহহীন হৈ লোকসকলে আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল । অৱশ্যে এতিয়া মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা প্ৰদান কৰা আৰ্থিক সাহাৰ্যই এই লোকসকলক হয়তো কিছু পৰিমাণে হলেও সকাহ দিব ।