climate strike
climate strike 
অসম

২৩ ছেপ্টেম্বৰত পালন কৰা হ'ব 'জলবায়ু ধৰ্মঘট-২০২২'...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২০১৮ চনত ছুইডেনৰ কিশোৰী ছাত্ৰী গ্ৰেটা থুনবাৰ্গৰ উদ্যোগত আৰম্ভ হোৱা 'ভবিষ্যতৰ বাবে শুক্ৰবাৰ' আন্দোলনটোৱে বৰ্তমান বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে। এই বছৰ উক্ত 'জলবায়ু ধৰ্মঘটৰ' দিন হৈছে ২৩ ছেপ্টেম্বৰ, শুক্ৰবাৰ। সেইদিনা জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ দাবীত 'জলবায়ু ধৰ্মঘট' ২২ পালন কৰা হ'ব।

চলিত মাহৰ ২৩ ছেপ্টেম্বৰ তাৰিখটো হৈছে বিশ্বৰ যুৱ প্ৰজন্মই ''ভৱিষ্যতৰ বাবে শুক্ৰবাৰ" শীৰ্ষক অভিযানটোৰ এক বিশেষ দিন। এই 'জলবায়ু ধৰ্মঘট' হৈছে বিশ্ব নেতৃত্বই জলবায়ু পৰিৱৰ্তনৰ ( Climate Change) সংকট প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেখুওৱা নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে এক প্ৰৱল প্ৰতিবাদ।

সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (AIPSN)য়ে ২৩ ছেপ্টেম্বৰৰ দিনা এই 'জলবায়ু ধৰ্মঘট'ৰ কাৰ্যসূচী উদযাপন কৰিবলৈ আহ্বান জনাইছে। AIPSN ৰ অসমৰ সন্ময়ৰক্ষী সমিতিয়ে ইয়াৰ সদস্য সংগঠন ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান বিজ্ঞান সমিতি অসম, ছি, আৰ, ইউ ( এনে,ই, আৰ)ৰ স্থানীয় শাখা সমূহৰ যোগেদি বিভিন্ন শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, ৰাজহুৱা স্থান আদিত এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে।