city railway gold
city railway gold  
অসম

গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ ৬ খনকৈ সোণৰ বিস্কুট...

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ৬ খনকৈ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় চৰকাৰী ৰে'ল আৰক্ষীয়ে।

ইতিমধ্যে ৰে'ল আৰক্ষীয়ে আটক কৰে সোণৰ বিস্কুট সৰবৰাহকাৰী এজন লোকক। আটকাধীন লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে। লোকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে।