অসম

যুৱতীক অপহৰণ কৰি ভাৰাঘৰত নিৰ্যাতন, পলাতক হৃদয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যুৱতীক অপহৰণ কৰি নিৰ্যাতন চলাই যুৱকে। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা।

অভিযোগ অনুসৰি যুৱতীগৰাকীক অপহৰ কৰি আনি ভাৰাঘৰত চলাই নিৰ্যাতন। অভিযুক্ত যুৱকজনৰ নাম হৃদয় ডেকা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীক অপহৰণ কৰি হৃদয়ে ভাৰাঘৰলৈ লৈ গৈছিল।

অভিযোগ অনুসৰি ভাৰাঘৰত প্রথমে যুৱতীগৰাকীক প্রেমৰ প্রস্তাৱ দিছিল হৃদয়ে আৰু পাছত ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল । এচিড আক্রমণ কৰাৰ ভাবুকি দিয়াৰো অভিযোগ হৃদয়ৰ বিৰুদ্ধে।

নিজৰ প্রাণ কথমপি ৰক্ষা কৰি পলায়ন কৰে যুৱতীগৰাকীয়ে আৰু লগে লগে দিছপুৰ থানাত গোচৰ ৰুজু কৰে। সম্প্রতি পলাতক অভিযুক্ত হৃদয় ডেকা। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।