অসম

অচিৰেই গ্ৰেপ্তাৰ হ’ব এছপি সঞ্জিত কৃষ্ণ, বাসগৃহত চিআইডিৰ অভিযান, গ্ৰেপ্তাৰৰ অনুমতি বিচাৰি গৃহ বিভাগলৈ পত্ৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : এছ আই কেলেংকাৰী নাম সাঙোৰ খাই পৰা কৰিমগঞ্জৰ সদ্য অপসাৰিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণৰ বাসগৃহত বুধবাৰে চিআইডিৰ এটা দলে অভিযান চলাই । উলুবাৰী কছাৰী বস্তিত থকা বিষয়া জনৰ বাসগৃহত অভিযান চলোৱা সময় উচ্চ পদস্থ বিষয়া উপস্থিত আছিল ।

ইফালে চিআইডিয়ে সঞ্জিত কৃষ্ণ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰ দত্তক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে । দুয়ো গৰাকী বিষয়াক দীৰ্ঘ সময় ধৰি চিআইডিয়ে জেৰা কৰিছিল । দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি বিচাৰি গৃহ বিভাগলৈও পত্ৰ প্ৰেৰণ কৰা হৈছে ।