ভাল খবৰঃ চৰাইদেউলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, ছেপ্টেম্বৰত আনুষ্ঠানিক ঘোষণা !
ভাল খবৰঃ চৰাইদেউলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, ছেপ্টেম্বৰত আনুষ্ঠানিক ঘোষণা !  
অসম

ভাল খবৰঃ চৰাইদেউলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, ছেপ্টেম্বৰত আনুষ্ঠানিক ঘোষণা !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে ঐতাহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ভাৰত চৰাকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰিছে চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ড'চিয়াৰ।

জানিব পৰা মতে ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে প্ৰস্তত কৰা ড'চিয়াৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰদান কৰা হৈছে। এই ড'চিয়াৰ কেন্দ্ৰই ইউনেস্কোলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ উদ্যোগত এইবাৰ ভাৰতৰ পৰা ইউনেস্কোলৈ ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰেই ড'চিয়াৰ প্ৰেৰণ কৰা হৈছে। এই বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

মন কৰিবলগীয়া যে ২০১৪ ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত নাম সন্নিৱিষ্ট হৈছিল চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ নাম। শেহতীয়াকৈ পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে চৰাইদেউৰ লগতে অসমবাসীক আনন্দিত কৰি তুলিছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী যোগেন মহনে। তেওঁ আজিৰ দিনটো অসমৰ বাবী আনন্দৰ দিন বুলি উল্লেখ কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেৱে এক নতুন মাত্ৰা লাভ কৰিব বুলিও মন্তব্য কৰিছে।

তেওঁৰ মতে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাটো নিশ্চিত। আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰতে এই বিষয়ত আনুষ্ঠানিক ঘোষণা কৰা হ'ব।