অসম

প্ৰেমৰ বাবেই এৰিলে স্বামী, সন্তানক! সমাজে মানি নল'লে দুই যুৱতীৰ আত্মহননৰ ভাবুকি

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: এক অদ্ভুত প্ৰেম কাহিনী । এয়া প্ৰচলিত সমাজ ব্যৱস্থাৰ যুৱক যুৱতীৰ প্ৰেম কাহিনী নহয় । কাৰণ এই প্ৰেম কাহিনীত নাই কোনো নায়কৰ চৰিত্ৰ।এই প্ৰেম কাহিনী দুগৰাকীয়ে হৈছে নায়িকা ।

সোঁতৰ বিপৰীতে গৈ তিনি বছৰ ধৰি ইজনী সিজনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে দুই যুৱতীয়ে । ইজনীয়ে আনজনীক পাবলৈ দুগৰাকী প্ৰেমিকাই নিজৰ বিবাহিত স্বামী - সন্তানক এৰি গুচি আহিছে ইতিমধ্যে। কিন্তু পৰিয়াল আৰু সমাজৰ লোকে মানি ল'ব পৰা নাই এই যুৱতীৰ প্ৰেমৰ সম্পৰ্ক ।

দুয়ো প্ৰেমিকাই পাতিব বিয়া, দেখিছে একেলগে সংসাৰ কৰাৰ সপোন । ইজনীয়ে আনজনীৰ অবিহনে জীয়াই থাকিব নোৱাৰে ।উপায় বিহীন হৈ সেয়ে সমাজ আৰু পৰিয়ালৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰিছে দুয়ো । তেওঁলোকৰ প্ৰেমৰ স্বীকৃতি প্ৰদান কৰক অন্যথাই দুয়ো আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান সংবাদ মাধ্যমৰ আগত ।

এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ পূব এংকৰবাৰীৰ খালপাৰা গাঁৱত। গাঁও খনৰ এগৰাকী বিবাহিতা মহিলা তথা এটা সন্তানৰ মাতৃয়ে নামৰ আন এগৰাকী মহিলাৰে তিনি বছৰে প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী কৰিছে।লগতে দুয়ো বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে প্ৰস্তুত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত।

ইয়াৰে এগৰাকী মহিলাৰ স্বামীৰ ইতিমধ্যে মৃত্য়ু হৈছে। অন্য বিবাহিতা মহিলা গৰাকীৰ দাবী সমাজে মানি ল'লে তেওঁৰ স্বামীয়ে সন্মতি দিব তেওঁ লোকৰ বিয়াত।আনহাতে স্থানীয় লোকৰ ভাষ্য এয়া কোনো পধ্যেই সম্ভৱ নহয়।এই ঘটনাটোক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চল খনত।

আৰু পঢ়ক: আৰক্ষীৰ গুলি স্বাস্থ্য মন্ত্ৰীলৈ; চিকিৎসাধীন অৱস্থাত মৃত্যু...