অসম

চিৰাঙৰ কাজলগাঁৱত বিটিআৰ গোৰ্খা সমাজৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং , ৬ জুলাই : আজি বিটিআৰ গোৰ্খা সমাজ, চিৰাং জিলা সমিতিৰ উদ্যোগত গোৰ্খা ছাত্ৰ – শিক্ষক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে প্ৰথম বিভাগত উত্তীৰ্ণ গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।

কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত বিটিআৰ গোৰ্খা সমাজৰ জিলা সভাপতি বিমল শৰ্মা সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে বিটিচিৰ মনোনীত পাৰিষদ মাধৱ ছেত্ৰী, চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ সহ অন্যান্য অতিথি বৰ্গ। আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত বক্তা সকলে তেওঁলোকৰ ভাষনত জিলাখনৰ ক্ৰমশঃ নিম্নগামী শৈক্ষিক পৰিৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে ।

কাৰণ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ হতাশাজনক ফলাফলৰ পৰা আগলৈ কিদৰে আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত মতামত প্ৰকাশ কৰে । গুণগত শিক্ষাৰ দিশত পিচ পৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলা খনত কৃতি ছাত্ৰ ছাত্ৰী সকলক এনেধৰনে সম্বৰ্ধনা অনুষ্ঠানে ভবিষ্যতে ছাত্ৰ ছাত্ৰী সকলক অধিক ভাল ফলাফল কৰাত অনুপ্ৰেৰণা তথা উৎসাহিত কৰিব বুলি মত ব্যক্ত কৰে ।

ভাষন প্ৰসঙ্গত বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় যে সম্প্ৰতি জিলাখনত যুৱ সমাজক ধ্বংশৰ গৰাহত ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে । এই ড্ৰাগছৰ কবলত পৰি আমাৰ বহু মেধাসম্পন্ন ছাত্ৰ ধ্বংসৰ মুখলৈ যোৱাটো আমাৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে আৰু এই ক্ষেত্ৰত অভিভাৱক সকলক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২৬ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত জিলা খনৰ বিভিন্ন এলেকাৰ পৰা কেইবা শতাধিক পুৰুষ, মহিলা, অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে । আজিৰ এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে বিটিআৰ গোৰ্খা সমাজৰ কেন্দ্ৰীয় সভাপতি উত্তম প্ৰধান, নিদিষ্ট বক্তব্য প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক দেবো পি,ডি, অধিকাৰী দেৱে । তদুপৰি মঞ্চত উপস্থিত থাকে কেন্দ্ৰীয় উপ সভাপতি ডিম্বেশ্বৰ উপাধ্যায়, জিলা নেপালী সাহিত্য সভাৰ সভাপতি সোমনাথ ছুবেদী, অসম খাচ মহাসভাৰ সভাপতি কেশৱ বছনেত সহ বহুত আমন্ত্ৰিত অতিথিবৰ্গ ।