অসম

প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে বিধায়ক জয়ন্ত বসুমতাৰীয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত এখন কৃষিপ্ৰধান গাঁও বান্দুগুৰী। একমাত্ৰ কৃষিকাৰ্যৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া বান্দুগুৰী গাঁৱৰ খেতিপথাৰত পানী যোগান ধৰাৰ একমাত্ৰ ব্যৱস্থা আছিল বান্দুগুৰী জলসিঞ্চনৰ নলা । কিন্তু দুৰ্ভাগ্যজনক ভাৱে যোৱা দুবছৰ আগতে বাৰিষাৰ সময়ত গৰাখহনীয়াত বিধ্বস্ত হৈ খেতিপথাৰত পানী যোগান প্ৰক্ৰিয়া ব্যাহত হৈ পৰে ।

যাৰ ফলত বান্দুগুৰী, পশ্চিম জাউলীয়াবাৰী গাঁৱৰ শতাধিক কৃষক পৰিয়ালৰ ওপৰত নেতিবাচক প্ৰভাব পৰে। উপায়বিহীন কৃষক ৰাইজে শৰণাপন্ন হৈছিল স্থানীয় চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ। ৰাইজৰ অসুবিধাৰ কথা উপলব্ধি কৰি বিধায়ক গৰাকীয়ে বান্দুগুৰী গাঁৱত উপস্থিত হৈ বিধ্বস্ত জলসিঞ্চনৰ নলা পৰিদৰ্শন কৰি ৰাইজক গৰাখহনীয়াত বিধ্বস্ত জলসিঞ্চনৰ নলা তথা বান্ধ মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ পিছত সংশ্লিষ্ট বিভাগৰ অভিযন্তা-বিষয়াও গাঁৱত আহি পৰিদৰ্শন কৰি মাপজোখ লয়। পিছে এইয়া যেন মাত্ৰ চকুৰ চমক সৃষ্টিহে আছিল। কিয়নো পৰৱৰ্তি পৰ্যায়ত কোনো খা খবৰ নাছিল কৰ্তৃপক্ষৰ। এই সন্দৰ্ভত স্থানীয় লোকে কাজলগাঁৱত গৈ বিধায়ক জয়ন্ত বসুমতাৰীক কেইবাবাৰো লগ ধৰে, কিন্তু বিধায়কে প্ৰতিশ্ৰুতি দি অৱশেষত বাজেট নাই, টকা নাই নানা কৈ উভতাই পঠিয়াওৱাৰ অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে।

বিধায়ক গৰাকীৰ এনেধৰনৰ ব্যৱহাৰত বান্দুগুৰী গাঁৱৰ ৰাইজ ক্ষুন্ন হৈ পৰে আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰ বা বিধায়কলৈ অপেক্ষা নকৰি বান্দুগুৰী আৰু পশ্চিম জাউলীয়াবাৰী গাঁৱৰ ৰাইজে একত্ৰিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি শ্ৰমদান কৰে। লগতে প্ৰয়োজনত গাঁঠিৰ ধন খৰচ কৰি বিধ্বস্ত জলসিঞ্চনৰ নলা মেৰামতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেইমতে মঙ্গলবাৰে হাতে হাতে দা, কোৰ, বাঁহ লৈ দল বান্ধি হাতে-কামে লাগি পৰে গৰাখহনীয়াত বিধ্বস্ত জলসিঞ্চনৰ নলা মেৰামতিৰ কামত। এতিয়া ৰাইজৰ অভিযোগ পূৰ্বৰ বিপিএফ দলৰ চৰকাৰৰ দিনতো প্ৰতিশ্ৰুতি দি বান্দুগুৰী গাঁৱৰ ৰাইজক ৰাম ঠগন দিছিল চৰকাৰী কৰ্তৃপক্ষই।

পৰৱৰ্তী সময়ত পৰিৱৰ্তনৰ কথা কৈ ইউপিপিএল দলে চৰকাৰ গঠন কৰিলে কিন্তু এতিয়া ইউপিপিএল দলৰ চৰকাৰ তথা বিধায়কে প্ৰতিশ্ৰুতি দিয়ো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি অভিযোগ কৰে ৰাইজৰ। সেয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত দিয়া হব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।