অসম

চিৰাঙৰ আমগুৰী থানাৰ ভাৰত-ভূটান সীমান্তত বৃহৎ পৰিমাণৰ এ কে চিৰিজৰ গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাংঃ বুধবাৰে এক বিশেষ সূত্ৰৰ পম খেদি চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত, ভাৰতীয় সেনা বাহিনীৰ পঞ্চম গাড়োৱাল ৰাইফল আৰু ১৫ নং সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিয়ে যৌথ ভাবে অভিযান চলাই আমগুৰী থানাৰ অন্তৰ্গত কয়লা ময়লা আৰক্ষী চকীৰ ভাৰত-ভূটান সীমান্তৰ মাওৰীয়া জংঘলৰ পৰা বৃহৎ পৰিমাণৰ গুলী আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বুধবাৰে পুৱাৰ ভাগত এক বিশেষ সূত্ৰে আৰক্ষীয়ে খবৰ লাভ কৰে যে, ভাৰত-ভূটান সীমান্তৰ টাকলাই নৈৰ মাওৰীয়া জংঘল পথেদি এটা চক্ৰই আপত্তি জনক সামগ্ৰী কঢ়িয়াই আনি আছে।

সেই মতে পুৱা দহ বজাত উক্ত এলেকাত অভিযান চলায়, অভিযানকাৰী দলটোৱে প্ৰথমে প্লাষ্টিকৰ ড্ৰাম প্ৰত্যক্ষ কৰে আৰু তাৰ ওচৰে পাজৰে জংঘলৰ বিভিন্ন ঠাইত সিচৰিত হৈ থকা প্লাষ্টিকৰ কেৰি বেগ জব্দ কৰে।

জব্দ কৰা প্লাষ্টিকৰ ড্ৰাম আৰু কেৰি বেগৰ পৰা অভিযানকাৰী দলটো জব্দ কৰা সামগ্ৰীখিনি হৈছে।

(১) এ কে চিৰিজ ৰাইফলৰ গুলী – ১০১ জাঁই সজীৱ গুলী।
(২) ৫.৫৬ এম এম-৮ জাঁই সজীৱ গুলী।
(৩) ৭.৬২ এম এম-৩ জাঁই সজীৱ গুলী।
(৪) চাইনিজ হেণ্ড গ্ৰেণেড – ১ টা।
(৫) নং ৩৬ হেণ্ড গ্ৰেণেড- ১ টা।
(৬) তাৰৰ সৈতে ইলেক্ট্ৰ'নিক ডিটেনেটৰ – ১০ ডাল।
(৭) হস্ত নিৰ্মিত বোমা – ২ টা।
(৮) খালি কাৰ্তিজ -২ জাঁই।

এই অভিযানকালত কোন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। বুধবাৰে উদ্ধাৰ কৰা সামগ্ৰী খিনি কোনে ক'ৰ পৰা কাৰ বাবে কঢ়িয়াই লৈ আনিছিল বা কোন উগ্ৰপন্থী সংগঠনৰ হ'ব পাৰে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই যদিও অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।