অসম

চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…

asomiyapratidin

ডিজিটেল সংবাদ,চিৰাংঃ চোৰাং কাঠ সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত আজি চিৰাঙৰ তিনিজনকৈ বনবিভাগ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰে । কালি ৰুণীখাতা থানাৰ অন্তৰ্গত অনাঠাইবাৰী গাঁৱত বন বিভাগৰ চৰকাৰী বাহন লৈ চোৰাং কাঠ সৰবৰাহৰ কৰাৰ সময়ত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ অফিচৰ চালক মতিলাল মুছাহাৰীক ৰুণীখাতা থানাৰ আৰক্ষীয়ে হাতে লোটে ধৰা পেলাই চোৰাং কাঠ সহ চৰকাৰী বাহন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল।

পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত উক্ত চোৰাং কাঠ সৰবৰাহৰ সৈতে ফৰেষ্ট গ্ৰেড-১ কৰ্মচাৰী দৈমালু গয়াৰী আৰু বনৰক্ষী জেথ মুছাহাৰী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল । এই ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ বনবিভাগৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আজি চিৰাং বন সংমণ্ডল কাৰ্য্যালয়ৰ পৰা নিজাববীয়াকৈ তদন্ত কৰি উক্ত দুষ্কাৰ্য্যত তিনিও জন বনবিভাগৰ কৰ্মচাৰী জড়িত থকাৰ প্ৰমাণ লাভ কৰাৰ পিছত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে আজিৰ দিনৰ পৰা বলবৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে।