অসম

চিৰাঙত বানে উটুৱাই নিলে দলং

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাংঃ যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিৰাঙৰ ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি হৈছে। পানীৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত বানপানীয়ে উটুৱাই লৈ গ'ল চিৰাঙৰ চিদলী – ৰঞ্চাইধাম সংযোগী মূলপথৰ পকী দলং। ফলত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত চিদলী-ৰঞ্চাইধাম পথৰ দোহলাপাৰাত দলং উটুৱাই নিয়াৰ ফলত যাতায়াত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে। এই খবৰ গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰলৈ আৰু অপেক্ষা নকৰি বৃহস্পতিবাৰে বৰষুণৰ মাজত ৰাইজে নিজাববীয়াকৈ ভাৱে বাঁহেৰে যাতায়াত কৰিব পৰাকৈ অস্থায়ী সাঁকো তৈয়াৰ কৰি লয়।