অসম

চিৰাং জিলা আৰক্ষী, প্ৰশাসনৰ উদ্যোগত বৃহৎ ত্ৰিৰংগা ৰেলীঃ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ অংশগ্ৰহণ…

asomiyapratidin

ডিজিটেল সংবাদ চিৰাংঃ দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষ্যে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল ৰূপায়ন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি চিৰাং জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ উদ্যোগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰণীখাটা আৰক্ষী থানাৰ পৰা ৰাজ্যৰ বস্ত্ৰশিল্প আৰু হস্ততাঁত বিভাগ তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এক বিশাল ত্ৰিৰংগা ৰেলীৰ শুভাৰম্ভ কৰে ।

ভাৰত-ভূটান সীমান্ত এলেকাত হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী সফল কৰাৰ উদ্দেশ্যে আয়োজন কৰা সজাগতামূলক ত্ৰিৰংগা ৰেলীত উপস্থিত থাকে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত পি, বিজয় ভাষ্কৰ ৰেড্ডী, চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধী, উপ-আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা, চিআৰপিএফৰ কমাণ্ডেণ্ট সহ বহু গণ্যমান্য ব্যক্তি ।

আজিৰ ৰুণীখাতাৰ ত্ৰিৰংগা ৰেলীত সীমান্তবাসী ৰাইজৰ স্বতঃস্ফুত সহাঁৰিয়ে এক অন্য মাত্ৰা প্ৰদান কৰে । ৰেলীত অসম আৰক্ষী, চিআৰপিএফ জোৱানৰ উপৰিও স্থানীয় গাওঁৰক্ষী বাহিনী, চৰকাৰী গাওঁবুঢ়া, বিভিন্ন দল সংগঠনৰ লগতে স্কুল, কলেজৰ কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে জাতীয় পতাকা লৈ ভাৰত মাতা কী জয় , বন্দে মাতৰম আদি ধ্বনিৰে বৃহত্তৰ ৰুণীখাতা অঞ্চল সামৰি সমদল কৰি সীমান্ত অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকর্ষণ কৰে ।

আজিৰ এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা ত্ৰিৰংগা ৰেলীত অংশগ্ৰহণ কৰা অসমৰ বস্ত্ৰশিল্প আৰু হস্ততাঁত বিভাগ তথা জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষ্যে যি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে । দেশমাতৃৰ প্ৰতি দেশৰ প্ৰতিজন নাগৰিকৰ অকৃত্ৰিম ভালপোৱা, দেশপ্ৰেমক অধিক জাগ্ৰত কৰা লক্ষ্যৰে এই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে ।

ইয়াক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ত্ৰিৰংগা ৰেলী উলিওৱা হৈছে আৰু আজি ৰুণীখাতাৰ ত্ৰিৰংগা ৰেলীত সৰ্ব সাধাৰণ ৰাইজ আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্বতঃস্ফুত অংশগ্ৰহণ দেখি অভিভূত হৈ পৰে আৰু আগন্তুক ১৩ আগষ্টৰ পৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল ৰূপায়ন কৰিবলৈ নাগৰিক সমাজক আহ্বান জনায় ।