অসম

চিৰাঙৰ এগৰাকী চিকিৎসকৰ লগতে উপায়ুক্তৰ পত্নী- কন্যা আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল সংবাদ , চিৰাংঃ চিৰাঙৰ কাজলগাঁৱত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু কন্যা কোৰোনাত আক্ৰান্ত হৈছে । শুকুৰবাৰে নিশা উপায়ুক্ত গৰাকীৰ পত্নী আৰু জীয়ৰী কোভিদ-১৯ ত আক্ৰান্ত হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ জিলা জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰাপ্ত খবৰ অনুযায়ী উপায়ুক্ত গৰাকীৰ পৰিয়ালৰ যোৱা ২৭ জুন তাৰিখে গুৱাহাটীৰ পৰা আহি কাজলগাঁৱৰ উপস্থিত হৈছিল কিন্তু উপায়ুক্ত গৰাকীৰ পত্নীৰ গাত জ্বৰ আৰু ছৰ্দি কাঁহ থকা হেতুকে ২৮ জুন তাৰিখে উপায়ুক্ত গৌতম তালুকদাৰ সহ তেওঁৰ পত্নী, পুত্ৰ – কন্যাই ছোয়েব পৰীক্ষা কৰাইছিল।

শুকুৰবাৰে নিশা ঘোষিত ফলাফল পত্নী- জীয়ৰীৰ কোভিদ-১৯ পজিটিভ হোৱাৰ বিপৰীতে উপায়ুক্ত গৌতম তালুকদাৰ আৰু তেখেতৰ পুত্ৰ ফলাফল নিগেটিভ আহে । কিন্তু এই বাতৰি অহাৰ উপায়ুক্ত কাৰ্য্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলে যথেষ্ট আতংকিত হৈ পৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে নিশা চিৰাঙত নতুনকৈ ১৩ জনকৈ লোক কোভিদ-১৯ ত আক্ৰান্ত হৈছে তাৰ মাজত এজন কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিত্সালয়ৰ কৰ্তব্যৰত চিকিৎসকো আছে । প্ৰাপ্ত খবৰ অনুযায়ী ডাঃ আলা উদ্দিন দেহতো কোৰোণাৰ উপস্থিতি ধৰা পৰিছে ।

প্ৰথমবাৰৰ বাবে চিৰাঙৰ কোৰণা আক্ৰান্তৰ চিকিৎসা সেৱা আগবঢ়াই থকা জেএচবি অসামৰিক চিকিৎসালয় খনৰ কৰ্তব্যৰত চিকিৎসকৰ দেহত কোৰণা ভাইৰাছৰ উপস্থিতিৰ তথ্য পোহৰলৈ অহাৰ পিছত চিকিৎসক গৰাকীৰ সংস্পৰ্শত অহা চিকিৎসালয় খনৰ স্বাস্থ্যকৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চিৰাং জিলাত কোভিদ-১৯ ত আক্ৰান্তৰ সংখ্যা বাঢ়ি হলগৈ ৬৭ । আৰু ইয়াৰে ২৭ গৰাকী সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।