অসম

চিৰাঙৰ কোভিড আক্ৰান্তৰ সংখ্যা ১০০ অতিক্ৰম, প্ৰাথমিক বিদ্যালয় বন্ধ নকৰাত শিক্ষক সমাজ-অভিভাৱকৰ উদ্বেগ…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং: যোৱা কিছুদিন ধৰি ৰাজ্যখনত উদ্বেগজনক ভাৱে কোৰোনা ভাইৰাছৰ সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ এছ অ' পি জাৰি কৰিছিল। তাৰে মাজত নতুন নিয়ম অনুসৰি যদি কোনো জিলাত সক্ৰিয় কোভিড আক্ৰান্ত লোকৰ সংখ্যা এশৰ ঘৰ অতিক্ৰম কৰে তেনেহ'লে সেইখন জিলাৰ প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হ'ব।

কিন্তু যোৱা তিনিদিন ধৰি চিৰাং জিলাত কোভিড আক্ৰান্ত ৰোগীক এশৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো জিলা প্ৰশাসনৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতি-নিৰ্দেশনা জাৰি নকৰাৰ ফলত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক সকল বিমোৰত পৰা পৰিলক্ষিত হৈছে । কাৰণ ৰাজ্যৰ অন্যান্য জিলাত যদি সক্ৰিয় কোভিড আক্ৰান্ত লোকৰ সংখ্যা এশ সংখ্যা অতিক্ৰম কৰাৰ পিছত প্ৰাথমিক বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে তেনেক্ষেত্ৰত চিৰাং জিলা প্ৰশাসনৰ পৰা আজিলৈকে কিয় ব্যবস্থা গ্ৰহণ কৰা নাই তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে।

জিলা খনত সোমবাৰৰ দিনটোত নতুনকৈ ৩৫ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ইয়াকে লৈ জিলা খনত মুঠ সক্ৰিয় কোভিড আক্ৰান্তৰ হৈছে গৈ ১৫০ গৰাকী। জিলা খনৰ অন্যতম ব্যৱসায়ীক চহৰ বাসুগাঁৱত উদ্বেগজনক ভাৱে কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

সোমবাৰে বাসুগাঁও চহৰত চাৰিজনকৈ লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তাৰে দুজন বাসুগাঁৱৰ বন্ধন বেঙ্কৰ কৰ্মচাৰী, এজন ৰেল বিভাগৰ কৰ্মচাৰী, আন এজন ৰামকৃষ্ণ পথৰ ব্যবসায়ী। চাৰিওজনক স্বাস্থ্য বিভাগৰ পৰা সাত দিনৰ বাবে হোম কোৰেন্টাইনত পঠিয়াই দিয়া হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা সদৰি কৰা হৈছে।